Show/Hide Keyboard Layout

নাহৰ ফুলে

- বিষ্ণুপ্ৰসাদ ৰাভা

নাহৰ ফুলে নুশুৱায়

তগৰ ফুলে শুৱাব 

তগৰ ফুলে নুশুৱায়

কপউ ফুলে শুৱাব 

কপউ ফুলে নুশুৱায়

(যদি) ঘিলা খোপাতে তোৰ

হিয়া ফুল পাৰি দিম

(গুজি) খোপাতে মনোহৰ 

মহাযানৰ সিঁচি আনিম

সাত মাণিকৰ ধন

মেঘৰ বুকু ফালি চিঙিম

বিজুলী ফুল শুৱণ

মাণিক ফুলে নুশুৱায়

(যদি) সাতসৰীতে তোৰ

(হিয়া) ফালি উলিয়াই পিন্ধাম

তেজাল পোৱালমণি মোৰ ।।

Hits: 2256